তাত কোনো দ্বিমত নাই...
তোমাৰ ৰূপ নহয়যেন সেইয়া ধৰণীৰ
বুকুত
এজাক জোনাকৰ তিৰবিৰনি
এজাক জোনাকৰ তিৰবিৰনি
কোনোবা
অচিন খনিকৰে তেঁওৰ কল্পনাক
সাঁচত ঢালি প্রাণদিয়া তুমিযেন প্রস্ফুতিত্ বাস্তব
সাঁচত ঢালি প্রাণদিয়া তুমিযেন প্রস্ফুতিত্ বাস্তব
তোমাক
লৈ ৰচা হেজাৰ-বিজাৰ সপোনে পিয়া-পি দি ফুৰিছে কেউদিশ
সেইবুলিয়ে
নো তুমি..ইমান অহংকাৰী হ’ব লাগেনে????
ঠিক
আছে বাৰু মানি লৈছো ..
তোমাৰ
গুণ নহয়যেন সেইয়া বাৰিষাৰ উফন্দি উঠা ভোগদৈ
তোমাৰ
এটি ইংগিতত চন্দময়হৈ উঠে প্রতিভাৰ প্রতিতো অনু পৰমানু
আৰু
নামি আহে এজাক প্রশংসাৰ শাওন
সেইবুলিয়ে
নো তুমি..ইমান অহংকাৰী হ’ব লাগেনে????
মোৰ
কিন্তু তোমালে পুতৌ উপজে জানানে
অহংকাৰৰ
বেষ্টনীত মইয়ে মই ভাবত নিজকে সুকীয়াকৈ ৰাখোতে..
শেৱালিৰ
মিচিকিয়া কোমাল হাঁহি কি তুমি নাজানিলা
মৰমে
বাহৰ পতি থকা বুকুৰ সেউজীয়া কি তুমি নুবুজিলা
আৰু
মনপ্রাণ আণুৰনিত কৰি তোলা প্রেমৰ প্রথম জাক বৰষুন.....???
ধে
মইয়ো যে আৰু
কি
কি যে সুধি ফুৰিছো..
মই
পাহৰিয়ে গৈছিলো
তোমাৰ
প্রতিতো ইন্দ্রিয়ততো অহংকাৰৰ অবাধ ৰাজত্ব
তুমিনো
বাৰু সেইবোৰ অনুভুতি কেনেকৈ আনুভব কৰিবা...
ৰুপে
ৰুপৱতী গুণে গুণৱতী তুমি..
কিন্তু
সকলোবোৰ জানিও কিয় জানো
এটা প্রশ্নই বাৰে বাৰে ক্রিয়া কৰি থাকে
সেইবুলিয়ে
নো তুমি..ইমান অহংকাৰী হ’ব লাগেনে????
No comments:
Post a Comment